Home » Blog » Ekalavya: Assamese movie review by Debraj Saikia

Ekalavya: Assamese movie review by Debraj Saikia

Ekalavya movie review

একলব্য ছবিখনৰ চিত্ৰগ্ৰহণৰ পৰাই ঠেং দাঙি আছিলোঁ,কাৰণ চিনেমাৰ ডি.অ’.পি. আশুতোষে এদিন ইনষ্টাগ্ৰামত এটা দৃশ্যৰ ভিডিঅ’ আপলোড দিছিল।সেইদিনটোৰ প্রায় এবছৰ হৈ গৈছে।নতুন বছৰৰ আৰম্ভনিতে এখন অসমীয়া চিনেমা মুক্তি পোৱা ডাঙৰ কথা।ট্ৰেইলাৰ চাই যেতিয়া ভাল পালোঁ, লগৰ দুই এজনক খবৰ দিলোঁ।সময় মিলা মুঠতে ফাৰ্ষ্ট দে,ফাৰ্ষ্ট স্ব’ চাব পাব লাগে,কেনেকৈ কৰ নাজানো। মানুহ গোট খালেই ,গোটেই কেইজন ওলাই যোৰহাটৰ স্মৃতিগোপাল চিত্ৰগৃহত,টিকেট কাটিলো,যোৰহাটৰ ফাৰ্ষ্ট দে,ফাৰ্ষ্ট স্ব’ মন খুচ।

Ekalavya movie review
In front of Smriti Gopal Cinema Hall

নৱপ্ৰজন্মৰ পৰিচালক আলফ্ৰেড আৰু লেখক প্ৰণৱ ভৰালীৰ “একলব্য” এখন মনোৰঞ্জনধৰ্মী চিত্ৰ। সকলো দিশৰ পৰা মন ভৰি যাবলগীয়া এখন অসমীয়া ছবি।হাঁহি, কান্দোন, ৰোমাঞ্চ,থ্ৰিলাৰ আৰু বিশেষঃকৈ অসমীয়া ছবিত সহজতে নেদেখা উপাদান চাচপেন্সও এইখন ছবিত দেখিবলৈ পোৱা গ’ল।সামগ্ৰিকভাৱে অসমীয়া ছবিৰ ইতিহাসত পুনৰ এখন শক্তিশালী ছবিয়ে ঠাই ল’লে।
পোনতেই সংগীতৰ দিশলৈ আহিলোঁ।চিনেমাৰ বেকগ্ৰাউণ্ড মিউজিক মন কৰিব লগীয়া। বলিউদৰ বহু উচ্চ বাজেতৰ চিনেমাই ফেৰ মাৰিব নোৱাৰা সংগীত আৰু ইয়াৰ ব্যৱস্থাপনা। সংগীত পৰিচালক অৰুপ বৰুৱা আৰু চাউণ্ড ডাইৰেক্টৰ দেৱজিত গায়নৰ হাতত সেই যাদুটো আছে যিয়ে দৰ্শকক উকি মাৰিবলৈ বাধ্য কৰাই দিয়ে। চৰিত্ৰ “অভয়ৰ” ইন্ত্ৰ’ চৰিত্ৰ ‘ৰাজা”ৰ আওট্ৰ’ ইত্যাদি ইত্যাদি কিছুমান বিশেষ দৃশ্য সঁচাকৈ মনোগ্ৰাহী য’ত কেৱল চাউণ্ডে খেলা কৰে। “বুমেৰাং” গানটো যেন কেৱল কাইছিৰ(কাব্যশ্ৰী) কণ্ঠৰ বাবেহে যেন সংগীতেৰে সজোৱা হৈছিল তেনেকুৱা লাগে।আৰু হয়তো বেলেগৰ কণ্ঠত শুনিলে সেইটো আমেজ পোৱা নাযাব। চিনেমাখনৰ টাইটেল মিউজিকটোৰো এটা সোৱাদ আছে। যিকেইটা দৃশ্যত সংযোজিত কৰিছে,চাবলৈ বৰ বেলেগ এটা আমেজ পোৱা গৈছে।ছবিখনৰ গোটেই কেইটা গানেই সফল হৈছে বুলি মই ক’ব পাৰিম এজন ভাল শ্ৰোতা হিচাপে।
“অভয়” জেইলৰ পৰা ওলাই অহা দৃশ্যটো,বস্তিত হোৱা একশ্বন,গানকেইটাৰ শ্বটবোৰত যি কেমেৰাৰ কৌশল সেইবিলাক অতি আমোদলগা।ষ্টিল পজিশ্বনত ৩৬০° ৰোত্তেশ্বন,ৰানিঙত হেন্ডহেল্ড শ্বট ইত্যাদি স্কিলবোৰে ছবিখনৰ দৃশ্যবোৰে মানদণ্ড আৰু বঢ়াইছে।ইন্টেন্স দৃশ্যত ল’ এংগল শ্বট অতি সুন্দৰ সংযোজন।কোনোবা এটা সাক্ষাৎকাৰত ছবিখনৰ ডি.অ’.পি আশুতোষ কাশ্যপে কৈছে যে দৃশগ্ৰহনৰ কালছোৱাত এনেকুৱা হৈছিল যে তেওঁ চাৰি দিনত কেৱল চাৰি ঘণ্টাহে শুবলৈ পাইছিল।আৰু এজন দৰ্শক হিচাপে মই বুজিলোঁ এইয়া সচাকৈ সাৰ্থক হৈছে।
“তই মোৰ জীৱনৰ পৰা বহুত বস্তু কাঢ়ি নিছ, প্লিজ ৰিকুৱেষ্ট কৰিছোঁ তোক চা, কাব্যাক কাঢ়ি নিনিবি,প্লিজ…”
” ছবছৰে জেইল খাই থকাটো কম কথা নহয়,মোৰ মূৰটোৱে কাম নকৰে আজিকালি,মই এনেকুৱা নাছিলোঁটো ন?…অ’পাগল হৈছোঁ মই….”
“একলব্যৰ নাম শুনিছ? …আঙুলি কাটিছিল,,,কাৰণ দ্ৰোণাচাৰ্যই কাটিবলৈ কৈছিল,দ্ৰোণাচাৰ্য কোন একলব্যৰ গুৰু,তোৰটো দেউতাৰে,তইটো ডিঙিটো খুজিলেও কাটি দিবিগে ন? একো বেলেগ নাই তেতিয়া চুৰীয়া পিন্ধিছিলি এতিয়াই ছিক্স পকেট পিন্ধিছ! চুলিও একে, জধলা…এতিয়া লাগ বে,যুজঁ দে,প্ৰশ্ন কৰ নহ’লে হিষ্ট্ৰীট থাকি যাবি…ৰামায়ণত আছিল…….”
এনেকুৱা কিছুমান শক্তিশালী সংলাপ ত্ৰৈলোক্য কাশ্যপ,প্ৰণৱ ভৰালীৰ কলমৰ যাদু।বিশেষঃ ক’ব লগীয়া নাই এই সমূহ সংলাপ যেতিয়া ডাঙৰ পৰ্দাত চাউণ্ডৰ লগত শুনিব তেতিয়া গম পাব স্ক্ৰিপ্ট কাক কয়।

Ekalavya Movie Poster

কমল লোচনক চোৱা মানুহে জানেই তেওঁৰ অভিনয়, চিনেমা হলত যেতিয়া গিৰ্জনী কেইটা শুনিব তেতিয়া মাতৰ গভীৰতাও গম পাই যাব।”ব্যাস”ৰ চৰিত্ৰটো চাই ভাল লাগিল যথেষ্ট ৰসাল এটা চৰিত্ৰ ,এনেকুৱা চৰিত্র সমূহ ১০০% দিব নোৱাৰিলে চাই ভাল নালাগে,হিমাংশুৱে দৰ্শকক নিৰাশ নকৰিলে,শেষ দৃশ্যলৈকে একেটা সোৱাদেই ধৰি ৰাখিব পাৰিলে।বিশেষকৈ হস্পিতালত ডাক্তৰ নিৰ্বাচন কৰিবলৈ দিয়া দৃশ্যটো দৰ্শকে কেতিয়াও পাহৰিব নোৱাৰিব। অতনু মহন্তই কৰা অভিনয় শলাগ ল’ব লাগিব,তেওঁৰ চৰিত্ৰটোৰ আমেজ বেলেগ দৰ্শকলৈ এৰিলো।ধৃতি ওৰফে কৰিশ্মা পূজাৰী,এখন বিচনাতে সম্পূৰ্ণ ছবিখন কৰা সহজ কথা নহয়,তাৰোপৰি চৰিত্ৰটো ক’মাত থকা,দীৰ্ঘদিনীয়া চিত্ৰগ্ৰহণৰ পিছতো একেটা মুদতে নিজক ৰখা সহজ কথা নহয়,এনেকুৱা চৰিত্ৰত সংলাপ নাথাকে,চকুৰে অভিনয় কৰিব লাগিব।ই কিমান কষ্ট আপোনালোকে ছবিখন চালে গম পাব।ৰূপচন্দা,চিন্ময় কটকী,অৰুণ নাথ ,মুকুট নাথ এওঁলোকৰ অভিনয়ে সঁচাকৈ ছবিখনক পূৰ্ণতা প্ৰদান কৰিলে।
অসমীয়া চিনেমাৰ সোণালী যুগ পুনৰ ঘূৰি আহিছে,ইয়াক বাৰে বাৰে মানুহক বুজোৱাৰ প্ৰয়োজন নাই।অতদিনে ক’ৰোনাই জুৰুলা কৰি অহা সমাজ জীৱনত এনে এটা উদ্যোগে যেতিয়া অলপ সাহস কৰি আগবাঢ়ি আহে তেতিয়া মানুহৰো অলপ দায়িত্ব থাকে তাক সহায় কৰা,অনুপ্ৰেৰণা যোগোৱা।”একলব্য” চিনেমাখনে এজন দৰ্শকক যিমান পাৰি সিমান আমোদ দিব।কিন্তু অসমীয়া মানুহে অসমীয়া মানুহৰ সৃষ্টি আঁকোৱালি ল’ব লাগিব।”একলব্য”।সম্পূৰ্ণৰূপে নতুন প্ৰজন্মৰ সৃষ্টি।অসমৰ কোনো কোনো ঠাইত হাউচফুল হৈছে এইয়া অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে ভাল খবৰ।আচলতে ইয়াৰ ফলস্বৰূপে মানুহে অসমীয়া চলচিত্ৰ প্ৰযোজনা কৰিবলৈ সাহস কৰিব।আৰু যিমানেই ভাল ভাল উন্নত মানৰ কাম হ’ব ,চলচিত্ৰৰ প্ৰযোজনা হ’ব সিমানেই অসমৰ বাহিৰৰ প্ৰেক্ষাপটত অসমীয়া বোলছবি জগতৰ বাতৰি বাজি থাকিব। সৰ্বশেষত “একলব্য” বোলছবিৰ সদৌটি কলা-কুশলীলৈ ভৱিষ্যত কৰ্মজীৱনলৈ শুভেচ্ছা জনালোঁ।এনেদৰে অসমীয়া চিনেমাৰ জয়যাত্ৰা অব্যাহত ৰাখক।আৰু সমূহ অসমবাসীলৈ আগন্তুক ভোগালী বিহুৰ উলগ যাছিলোঁ আৰু এটা সৰু অনুৰোধ-
আপোনাৰ নিকটৱৰ্তী চিত্ৰগৃহত চিনেমা চাওক-
অসমীয়া চিনেমা,
একলব্য…

About Ekalavya

Ekalavya is a Assamese film directed by Alfred, starring Kamal Lochan and Roopchanda Sarma. Filmed released in theaters across Assam on 7th January.

Official Trailer

Leave a Reply

Your email address will not be published.